LYRICS -TuTu Garg
COMPOSITION-Breezu Saikia
Music/Mix/Mastered-Sunit Rabha
Video Credit- Pranjeet Doley
#BreezuSaikia #SunitRabha #TutuGarg
একা বেকা বাটৰ আগে,
ভাললগা এটা চফৰ!
দশোদিশৰ আকুলতাত
শেষ হয় বুকুৰ ভাগৰ
তুমি মই বিলীন হলে
এই আকাশ হ'ৱ পোহৰ!
উভতি নাচাওঁ আৰু পিছলে
এই সময় হয় মাথো আমাৰে
উৰণীয়া প্ৰাণৰ উশাহ,
দুবাহুতে জীয়া জীয়া!
জুৰণীয়া নিবিড় সময়
স্মৃতি হৈ উৰি ফুৰা!
উমাল মনৰ আঙুলীয়ে
প্ৰেমৰ কাহিনী লিখে,
বুকুৰ উঠা নমা বোৰে
বৃষ্টিকণা হৈ নিগৰে!
উভতি নাচাওঁ আৰু পিছলে
এই সময় হয় মাথো আমাৰে
গুণগুণাই দুটি মনে
মেলিছে বাট দূৰণিলে,
উশাহৰ গভীৰ নৈখনি
বৈ আছে অসীমলে!
বতাহৰ কোমল সুতাৰে
বাউলী প্ৰেমৰ চিলা উৰে,
মুক্ত প্ৰেমৰ সঞ্জীৱনী
তোমাৰ এপাহি অধৰতে !
Facebook-[ Ссылка ]
Instagram-[ Ссылка ]
![](https://s2.save4k.ru/pic/lA2bHQB6_3I/maxresdefault.jpg)