Assamese Bishnu Rabha Sangeet by Bhupen Hazarika / Lyrics and Melody by Kalaguru Bishnu Prasad Rabha / Lyrics of the song :
[ আজি প্রায় ৭০ বছৰৰ আগতে মোৰ আৰাধ্য গুৰু "বিষ্ণুপ্রসাদ ৰাভা"দেউ আৰু "জ্যোতি প্রসাদ আগৰৱালা"দেৱে তেওঁৰ ‘জয়মতী’, ‘কাৰেঙৰ লিগিৰী’, আদি বাণীবদ্ধ কৰাবলৈ কলিকতাৰ এইছ. এম. ভি. ৰেকৰ্ডিং ষ্টুডিঅ’লৈ লৈ গৈছিল - "ড’মড’ম"লৈ ৷ মোৰ চেমনীয়া কন্ঠৰে বাণীবদ্ধ কৰিছিল ৰাভাদেৱে - "কাষতে কলচী লৈ যায় অ’ ৰচকী বাই .."
৭০ বছৰ পিছত সেই একেটা স্কেলত পুৰঠ কন্ঠেৰে মই প্রথম গীতটিকে গাই দিছোঁ - "কাষতে কলচী লৈ যায় অ’ ৰচকী বাই" ...কালেক্টৰচ্ আইটেম ৰূপে বোধয় সহস্রজনে ভাল পাব ৷]
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই
সপোনৰ সঁফুৰা
চকুজুৰি লৈ
মৰমৰ অমিয়া
ভৰাই অ’ ৰচকী বাই .. !
যায় ঐ ৰচকী বাই।
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই ৷
ৰাংঢালী ওঁঠেদি
বনগীত এফাঁকি
ৰাংঢালী ওঁঠেদি
বনগীত এফাঁকি
ৰাংঢালী ওঁঠেদি
বনগীত এফাঁকি
জ্বলাই শুৱলা
সুৰৰে এচাকি
কাষৰে ফুলনি
উজলাই ৰচকী বাই ...!
যায় ঐ ৰচকী বাই।
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই ৷
মলয়াৰ চুমাৰে
ক’লা চুলিটাৰি
ধেতুৰা ৰেণুৰে
ঢৌ শাৰী শাৰী
মলয়াৰ চুমাৰে
ক’লা চুলিটাৰি
ধেতুৰা ৰেণুৰে
ঢৌ শাৰী শাৰী,
বিজুলীৰে মিলি
উজলাই ৰচকী বাই !
যায় ঐ ৰচকী বাই
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই
সপোনৰ সঁফুৰা
চকুজুৰি লৈ
মৰমৰ অমিয়া
ভৰাই অ’ ৰচকী বাই !
যায় ঐ ৰচকী বাই
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই
ৰাংঢালী ওঁঠেদি
বনগীত এফাঁকি
জ্বলাই শুৱলা
সুৰৰে এচাকি
কাষৰে ফুলনি
উজলাই ৰচকী বাই !
যায় ঐ ৰচকী বাই ।
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই
কাষতে কলচী লৈ
যায় ঐ ৰচকী বাই
যায় ঐ ৰচকী বাই
যায় ঐ ৰচকী বাই ৷৷
কথা : বিষ্ণু প্ৰসাদ ৰাভা।
![](https://i.ytimg.com/vi/uzMEms2UG34/mqdefault.jpg)